উন্নয়নৰ মুখ নেদেখিলে টিফুক চাহ বাগিচাবাসীয়ে

By

Published : Mar 7, 2021, 2:19 PM IST

thumbnail

যোৱা পাঁচটা বছৰে উন্নয়নৰ মুখ নেদেখাৰ অভিযোগ টিফুক চাহ বাগিচাৰ সোণাপুৰ বস্তিৰ লোকসকলৰ ৷ বাগিচাখনৰ বৰছিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ৱাৰ্ডৰ অৰ্ধ শতাধিক পৰিয়াল মৌলিক প্ৰয়োজনসমূহৰ পৰা বঞ্চিত হৈ আহিছে ৷ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ লগতে শৌচাগাৰ, বিশুদ্ধ খোৱাপানী, যাতায়াত আৰু বৈদ্যুতিক ব্যৱস্থা সকলো দিশতে পিছ পৰি ৰৈছে ৷ পুনৰ নিৰ্বাচন সমাগত ৷ কিন্তু কোনে খবৰ লৈছে এইসকল লোকৰ ! পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানীকে সেৱন কৰি পিয়াহ দূৰ কৰে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷ আজিলৈকে পঞ্চায়ত প্ৰতিনিধিৰো দৃষ্টি নপৰিলে লোকসকলৰ ওপৰত ৷ চাওক আমাৰ এক প্ৰতিবেদন ....

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.