থাওৰাত কংগ্ৰেছক দুৰ্বল কৰিবলৈ বিজেপিয়ে অপপ্ৰচাৰ চলাইছে : মনোৰঞ্জন কোঁৱৰ - থাওৰা সমষ্টি উপ নিৰ্বাচন বাতৰি
🎬 Watch Now: Feature Video

উপ-নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰ হৈ পৰিছে ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দল ৷ বহু জল্পনা কল্পনাৰ অন্তত মঙলবাৰে ঘোষণা কৰা হয় থাওৰা সমষ্টিত কংগ্ৰেছ দলৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী । মনোৰঞ্জন কোঁৱৰক থাওৰাত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পিচতে থাওৰাত কংগ্ৰেছৰ টিকটকেন্দ্ৰিক সংঘাতৰ অৱসান ঘটিল । যিহেতু দুদিন পূৰ্বে থাওৰাৰ একাংশ কংগ্ৰেছীয়ে অজয় কুমাৰ গগৈক প্ৰাৰ্থীত্ব নিদিলে কংগ্ৰেছ ত্যাগ কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল । সেয়ে থাওৰাৰ কংগ্ৰেছ টিকট লাভ কৰাৰ পাছতে মনোৰঞ্জন কোঁৱৰে কংগ্ৰেছৰ টিকট দাবীদাৰৰ লগতে কংগ্ৰেছৰ দায়িত্বত থকা কৰ্মীসকলক লগত লৈ মঙলবাৰে থাওৰাৰ ৰাজীৱ ভৱনত এক সংবাদমেল সংবোধন কৰি টিকট কেন্দ্ৰিক সংঘাট কংগ্ৰেছৰ নাই বুলি কয় ৷ চাওক আমাৰ এই প্ৰতিবেদন...