পাঁচ বছৰত অসমত আন্দোলনো হোৱা নাই, গুলিও ফুটা নাই: অমিত শ্বাহ - assam poll

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 22, 2021, 8:37 PM IST

নিৰ্বাচনৰ বতাহে বাৰুকৈয়ে কোবাইছে ৰাজ্যক ৷ ৰাষ্ট্ৰীয় নেতাই আহি ইখনৰ পাচত সিখনকৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে অসমত ৷ বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাকে ধৰি বহু কেইগৰাকী শীৰ্ষ নেতাই আহি নিৰ্বাচনী প্ৰচাৰ চলাইছে অসমত ৷ সোমবাৰে অসমত নিৰ্বাচনী প্ৰচাৰ চলোৱা অমিত শ্বাহে বিজেপিৰ ভাল কামৰ খতিয়ান দিবলৈ গৈ কৈ পেলালে যে, বিগত পাঁচ বছৰত অসমত আন্দোলন হোৱা নাই আৰু গুলীও ফুটা নাই ৷ কিন্তু কিমান সত্য অমিত শ্বাহৰ এই ভাষ্য ! কিয়নো কিছুদিন পূৰ্বে অসমলৈ আহোতে একেজন অমিত শ্বাহেই কঠোৰ সমালোচনা কৰিছিল 'কা' আন্দোলনক ৷ অসমৰ শিশুৰ পৰা বৃদ্ধলৈ কোনেও হয়তো নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ কথা পাহৰি যোৱা নাই ৷ প্ৰায় দুমাহ জুৰি চলা সেই আন্দোলনক যেন এক প্ৰকাৰ ধূলিস্যাৎ কৰি পেলালে অমিত শ্বাহৰ এই বক্তব্যই ৷ ইয়াৰোপৰি সেই আন্দোলনতে প্ৰাণ আহুতি দিছিল পাঁচজনকৈ নিৰীহ যুৱকে ৷ কিন্তু অমিত শ্বাহে গুলী নুফুটাৰ যি কথা উল্লেখ কৰিছে, তাৰ দ্বাৰা এই পাঁচজন মৃতকক অপমান কৰা হোৱা নাই নে ? কেৱল ভাষণতেই নহয় নিজৰ টুইটাৰতো অসমীয়াতে এই কথা লিখিছে অমিত শ্বাহে ৷ বিজেপিৰ অস্তিত্ব জাহিৰ কৰিবলৈ গৈ মিথ্যাচাৰৰ আশ্ৰয় লোৱা নেতাগৰাকীয়ে যেন পাহৰি গ’ল নিজ মুখেই পূৰ্বতে দিয়া মন্তব্যক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.