নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ শেষকৃত্য সম্পন্ন - ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালত সংস্থাপনৰ ব্যবস্থা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 11, 2021, 9:52 PM IST

এক চৰম শোকাকুল পৰিবেশত শেষ কৃত্য সম্পন্ন হ'ল নিমাতীৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা লখিমপুৰৰ ইন্দ্ৰেশ্বৰ বৰাৰ ৷ দুৰ্ঘটনাত সন্ধানহীন হোৱা ইন্দ্ৰেশ্বৰ বৰাৰ মৃত দেহ চাৰিদিনৰ অন্তত শনিবাৰে বিশ্বনাথ ঘাটত উদ্ধাৰ হোৱাৰ পিছত সন্ধিয়া লখিমপুৰৰ ৰামপুৰস্থিত স্বগৃহলৈ অনা হয় ৷ মৃতদেহ আনি স্বগৃহত পোৱাৰ পাছতে চৰম শোকাকুল পৰিবেশ সৃষ্টি হয় ৷ পিতৃ মাতৃ, পত্নীকে ধৰি আত্মীয় স্বজনৰ মাজত কান্দোনৰ ৰোল উঠে ৷ ৰাইজে অশ্ৰসিক্ত নয়নেৰে চিতাত তোলে শিক্ষক তথা অঞ্চলটোৰ সকলোৰে প্ৰিয় যুৱকজনৰ মৃতদেহ ৷ ইন্দ্ৰেশ্বৰৰ কোলাই বোকোচাই উঠি ফুৰা কণমানি ভটিজাই মুখাগ্নি কৰাৰ পাছতে পঞ্চভূতত বিলীন হয় ইন্দ্ৰেশ্বৰ বৰাৰ নশ্বৰ দেহ ৷ কেৱল পৰিয়াল অথবা আত্মীয় স্বজনেই নহয় অঞ্চলটোৰ সকলোৱে এজন মানৱ দৰদী, অত্যন্ত মৰমীয়াল আৰু সম্ভাবনা পুৰ্ণ যুৱকক হেৰুওৱাৰ বেদনাত উচুপি উঠে ৷ উল্লেখ্য বিয়লিৰ ভাগত মন্ত্ৰী ৰনোজ পেগু,সাংসদ প্ৰদান বৰুৱা আৰু জিলাৰ উপায়ুক্ত তেঁওৰ ঘৰত উপস্থিত হয় ৷ লগতে প্ৰয়াত ইন্দ্ৰেশ্বৰ বৰাৰ পৰিয়ালত সংস্থাপনৰ ব্যবস্থা কৰাৰ উপৰিও লখিমপুৰৰ বিভিন্ন নদীৰ ওপৰত দলং নিৰ্মাণ প্ৰক্ৰিয়া ত্বৰাম্বিত কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী গৰাকীয়ে৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.