তেজপুৰ ভাৰতীয় ষ্টেট বেংকক ক’ন্টেইনমেন্ট জ’ন ঘোষণা
🎬 Watch Now: Feature Video
শুকুৰবাৰৰ পৰা বন্ধৰ ঘোষণা কৰা হৈছে তেজপুৰ ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয় । তেজপুৰৰ এই প্ৰধান শাখাৰ অধীনত বৃস্পতিবাৰে এজন কৰ্মচাৰীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰে ৷ বেংক কৰ্মচাৰীজন ক’ভিড-19 ধৰা পৰাৰ পাচতেই শুকুৰবাৰে সমগ্ৰ বেংকৰ কাম-কাজ বন্ধ হোৱাৰ লগতে উক্ত বেংকৰ পৰা বিভিন্ন এটিএমলৈ যাবলগীয়া ধন সমূহ নিয়াৰ পৰাও বিৰত থাকে । ইয়াৰ ফলত বেংকৰ লেন দেন অচল হৈ পৰিছে । উল্লেখ্য যে, বেংক কৰ্মচাৰী জনৰ নাম দিবেশ আনন্দ আৰু তেওঁ বিহাৰৰ পৰা আহিছিল । ইতিমধ্যে বেংকৰ সকলো কৰ্মচাৰীৰ ভিতৰত ক’ভিড পৰীক্ষা কৰোৱা লগতে বেংকতো ক’ন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে ৷