নতুনকৈ টেট অনুষ্ঠিত কৰাৰ বিৰোধীতা পূৰ্বৰ টেট উত্তীৰ্ণৰ - টেট পৰীক্ষা
🎬 Watch Now: Feature Video
ৰাজ্যৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া এক লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ তৎপৰ হৈ পৰিছে । বিভিন্ন বিভাগত চাকৰি দিয়াৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । ৰাজ্যৰ শিক্ষাখণ্ডতো নিযুক্তি প্ৰদানৰ বাবে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰক্ৰিয়া । শিক্ষাখণ্ডৰ ৫০ হাজাৰ খালী পদৰ বিপৰীতে দহ হাজাৰ পদৰ বাবে ইতিমধ্যেই টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে চৰকাৰে । পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ খবৰে শিক্ষিত নিবনুৱা যুৱ- যুৱতীসকলক উৎফুল্লিত কৰিছে যদিও একাংশৰ মাজত সৃষ্টি হৈছে ক্ষোভ । টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰোধীতা কৰিছে একাংশই । তেওঁলোকৰ ক্ষোভৰ কাৰণ নিযুক্তিৰ পৰা বঞ্চিত । ২০১৯ চনতে টেট উত্তীৰ্ণ হৈ আজি পৰ্যন্ত নিযুক্তি লাভ কৰা নাই ৰাজ্যৰ কেইবাহাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে । ২০১৯ চনত চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাত চাৰি লাখ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে অৱতীৰ্ণ হৈছিল । কিন্তু ইয়াৰে মাত্ৰ ৩৪ হাজাৰ যুৱক-যুৱতী উত্তীৰ্ণ হৈছিল টেট পৰীক্ষাত । মাত্ৰ ৮ শতাংশ উত্তীৰ্ণ হৈছিল যদিও সেইসকলক আজিও নিযুক্তি দিব নোৱাৰিলে চৰকাৰে । পূৰ্বৰ টেট উত্তীৰ্ণক নিযুক্তি দিব নোৱাৰা ৰাজ্য চৰকাৰে পুনৰ টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ২০১৯ চনৰ টেট উত্তীৰ্ণই । বৃহস্পতিবাৰে নগাঁও প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে চাকৰি পৰা বঞ্চিত টেট উত্তীৰ্ণই ।