চৰকাৰৰ ক’ভিড নীতিক বৃদ্ধাংগুষ্ঠ ৰাজ্যৰ একাংশ চাহ বাগিছাৰ

By

Published : May 8, 2021, 8:03 PM IST

thumbnail

উজনি অসমৰ প্ৰায়বোৰ চাহ বাগিছাতে উলংঘা হৈছে ক’ভিড সংক্ৰান্তীয় চৰকাৰী নিৰ্দেশনা । দিনৰ দুই বজাৰ পাচতো অব্যাহত আছে বাগিছা সমূহৰ কাম কাজ । উল্লেখ্য যে, ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ শেহতীয়াকৈ অসম চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল । সেই সমূহৰ ভিতৰত সকলো চৰকাৰী- বেচৰকাৰী কাৰ্যালয়, ব্যৱসায়িক প্ৰতিস্থান আদি দিনৰ দুই বজাৰ পৰা বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও একাংশ চাহ বাগিছাই বিয়লি ৪ বজালৈকে চলাই আছে কাম-কাজ । একেদৰেই, টীয়কৰ চাহ বাগিছাতো দুই বজাৰ পাছতো শ্ৰমিকসকল ব্যস্ত থাকিল বাগানৰ কাম কাজত । চৰকাৰী নিৰ্দেশনা ভৰিৰে গচকি বাগিছা কৰ্তৃপক্ষই এইসকল শ্ৰমিকক কামত নিয়োজিত কৰিছে । যাক লৈ এতিয়া সৰব হৈ উঠিছে একাংশ সচেতন ব্যক্তি ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.