চিকেবি মহাবিদ্যালয়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্দৰ্ভত কৰ্তৃপক্ষৰ স্পষ্টীকৰণ
🎬 Watch Now: Feature Video
টীয়ক চিকেবি মহাবিদ্যালয়ত ২৫ ছেপ্তেম্বৰত পঞ্চম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ সময়ত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্দৰ্ভত মহাবিদ্যালয় কৰ্তৃপক্ষই মঙলবাৰে এক সংবাদমেলযোগে স্থিতি স্পষ্ট কৰে । মহাবিদ্যালয় কৰ্তৃপক্ষই আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতে সহায়ক হোৱাকৈ কেতবোৰ বৃত্তিমূলক শিক্ষা প্ৰৱৰ্তন কৰিছিল ২০১৯ বৰ্ষৰ পৰা । মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰা মহাবিদ্যালয়খনৰ পৰিচয় পত্ৰিকাত এই বিষয়ে উল্লেখো কৰা আছে । কিন্তু চলিত বৰ্ষৰ পঞ্চম ষম্নাসিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ একাংশই এই বিষয়ত নামভৰ্তি কৰিবলৈ অস্বীকাৰ কৰাত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু ছাত্ৰ সমাজৰ মাজত সৃষ্টি হয় সংঘাতৰ । এই সংঘাতৰ পৰিণতিত ছাত্ৰসকলে ২৫ ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰে । এই প্ৰতিবাদত ছাত্ৰ সমাজে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কেতবোৰ অশোভনীয় মন্তব্য প্ৰদান কৰিছিল । কিন্তু প্ৰশাসনৰ হস্তক্ষেপত ছাত্ৰ সমাজৰে মহাবিদ্যালয় কৰ্তৃপক্ষৰ হোৱা আলোচনামৰ্মে এই সমস্যাৰ সমাধান হয় আৰু বৃত্তিমূলক শিক্ষাৰ পাঠ্যক্ৰমৰ বাবে পূৰ্ব নিৰ্ধাৰিত এক হাজাৰ টকাৰ পৰিবৰ্তে তিনিশ টকা কৰা হয় । উক্ত আলোচনাত ছাত্ৰ সমাজে নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে ইতিমধ্যে গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছে বুলি সংবাদমেলত জানিবলৈ দিয়ে টীয়ক চিকেবি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই ।