Tense situation in dibrugarh university: পুনৰ উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়

By

Published : Jan 3, 2022, 9:11 PM IST

thumbnail
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পুনৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ (Tense situation in Dibrugarh University)। বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি পদৰ প্ৰাৰ্থী তুষাৰজ্যোতি বৰাৰ মনোনয়ন পত্ৰ নাকচ কৰাৰ বিৰোধিতাৰে উত্তাল প্ৰতিবাদ ৷ মনোনয়ন দাখিলৰ দুঘণ্টাৰ পিছত ঘোষণা কৰা পৰীক্ষাৰ ফলাফল অনুসৰি তুষাৰজ্যোতি বৰা নামৰ ছাত্ৰগৰাকী পৰীক্ষাত অকৃতকাৰ্য হোৱাৰ অজুহাতত নাকচ কৰা হৈছিল মনোনয়ন পত্ৰ । ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই মনোনয়ন দাখিলৰ দুঘন্টাৰ পিছত পৰীক্ষাৰ ফলাফল ঘোষণা কৰি পৰীক্ষাত বেক লগাৰ হেতুকে তুষাৰজ্যোতিৰ মননোয়ন নাকচ কৰাত জাঙুৰ খাই উঠে ছাত্ৰ সমাজে । আনহাতে বিষয়টোৰ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ ৰিটাৰ্নিং বিষয়াক অভিযোগ দিয়াৰ পিছতো কোনো গুৰুত্ব নিদিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনত ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.