লংকাত কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুৰ সন্দেহ - ক’ভিড পৰীক্ষা
🎬 Watch Now: Feature Video
হোজাইৰ লংকাত এজন ব্যক্তিৰ সন্দেহজনক মৃত্যু ৷ তথ্য অনুসৰি, ব্যক্তি গৰাকী পেছাত এজন গাড়ীচালক আছিল । বিগত ৮-৯ দিনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল ব্যক্তিগৰাকী । পৰৱৰ্তী সময়ত লংকা স্বাস্থ্য বিভাগৰ কৰ্মীয়ে মৃত ব্যক্তি গৰাকীৰ পৰিয়ালৰ সকলো সদস্যৰে সম্পন্ন কৰে ক’ভিডৰ পৰীক্ষা । পৰিয়ালৰ সকলো সদস্যৰে ক’ভিড পৰীক্ষাৰ ফলাফল নিগেটিভ আহে যদিও এগৰাকী ৭ বছৰীয়া কিশোৰীৰ দেহত পোৱা যায় ক’ভিড-19 ৰ অৱস্থিতি । সেয়ে ব্যক্তি গৰাকী কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগৰ লগতে পৰিয়ালৰ লোকে ৷