স্নাতকোত্তৰৰ শিক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল ভট্টদেৱ বিশ্ববিদ্যালয় চৌহদ

By

Published : Nov 8, 2021, 5:12 PM IST

thumbnail

মাচুল বৃদ্ধিক লৈ প্ৰতিবাদমুখৰ হ'ল বজালীস্থিত ভট্টদেৱ বিশ্ববিদ্যালয় । বিগত কিছু দিন ধৰি এটাৰ পিছত আন এটা সমস্যাই লগ নেৰা হৈছে বিশ্ববিদ্যালয়খনৰ । অনিয়মীয়া পাঠদানক লৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সমালোচিত হোৱাৰ পাচত এইবাৰ মাচুল বৃদ্ধিক লৈ প্ৰতিবাদত নামিল বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰৰ শিক্ষাৰ্থী । প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ মতে, মাচুল বৃদ্ধিৰ সিদ্ধান্তৰ বিৰোধিতা কৰি ছাত্ৰ-ছাত্ৰীসকলে পঞ্জীয়কৰ লগত আলোচনা কৰিবলৈ চেষ্টা কৰিছিল । কিন্তু পঞ্জীয়ক সুৰেণ দাসে ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান কৰাৰ পৰিৱৰ্তে "মাচুল দিব নোৱাৰিলে পঢ়িবও নালাগে" বুলিহে মন্তব্য কৰে । এনে টুলুঙা মন্তব্য কৰাৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকল ক্ষোভিত হৈ বিশ্ববিদ্যালয়খনৰ প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়ে আৰু উক্ত স্থানতে প্ৰতিবাদ সাব্যস্ত কৰে । কিছু সময়ৰ পাচত বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ ফালৰ পৰা দুগৰাকী শিক্ষকে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান কৰাৰ বাবে মৌখিকভাৱে আলোচনা কৰে যদিও ছাত্ৰ-ছাত্ৰীসকলৰ দাবীসমূহ তেওঁলোকে বিচৰা ধৰণে মানি লোৱা নাই । সেয়ে, মাচুল হ্ৰাস কৰাৰ দাবীত অটল হৈ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে শিক্ষাৰ্থীসকলে । ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য উপস্থিত হৈ বৰ্দ্ধিত মাচুলৰ সমস্যা সমাধান কৰিলেহে প্ৰতিবাদ অন্ত পেলাব বুলি স্পষ্ট কৰি দিয়ে শিক্ষাৰ্থীসকলে । তেওঁলোকে অভিযোগ উত্থাপন কৰে যে, উপাচাৰ্যগৰাকীয়ে কোনো শিক্ষাৰ্থীকে সাক্ষাৎ নকৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.