thumbnail

NEET পৰীক্ষাত সাফল্য লাভ মাণিকপুৰৰ জাকিৰ হুছেইনৰ

By

Published : Nov 11, 2021, 3:32 PM IST

সফলতা অৰ্জনৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । সাফল্য লাভৰ বাবে প্ৰয়োজন মাথোঁ লক্ষ্যত উপনীত হোৱাৰ অদম্য হেঁপাহ আৰু অধ্যৱসায় । এই কথা প্ৰমাণ কৰি দেখুৱালে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং ভাণ্ডাৰাৰ অতি দৰিদ্ৰ পৰিয়ালৰ জাকিৰ হুছেইনে । মাত্ৰ ৫ বছৰ বয়সতে পিতৃক হেৰুৱালে জাকিৰে । তেতিয়াৰে পৰা বহু কষ্টৰ দিনৰ সাক্ষী হৈছে মেধাৱী ছাত্ৰজন । জ্যেষ্ঠ ভাতৃয়ে এখন চেলুনত কাম কৰি পোহপাল দিছে পৰিয়ালটো । তথাপি জাকিৰক সফলতাৰ দিশত আগুৱাই যোৱাত উৎসাহ যোগায় পৰিয়ালটোৱে । হাজাৰ বাধাৰ মাজতো লক্ষ্যৰ পৰা বিচলিত হোৱা নাই জাকিৰ । একাগ্ৰতা তথা অধ্যৱসায়ৰ বলত সদ্যঘোষিত সৰ্বভাৰতীয় NEET পৰীক্ষাত ৫৪৩ নম্বৰ লাভ কৰি সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে জাকিৰ হুছেইনে । সৰুৰে পৰা চিকিৎসক হোৱাৰ সপোন দেখা জাকিৰে ২০২০ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল । আজি জাকিৰৰ সাফল্যত আন্দদিত হৈ পৰিছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলবাসীয়ে । চেলুনত কাম কৰা জ্যেষ্ঠ ভাতৃৰ দুচকুতো আনন্দৰ চকুলো । ভৱিষ্যতে এজন আদৰ্শবান চিকিৎসক হোৱাৰ সপোন মনত পুহি ৰাখিছে মেধাৱী ছাত্ৰ জাকিৰ হুছেইনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.