Strict action against illegal sale of liquor: মাজুলীত জব্দ বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা - Strict action against illegal sale of liquor in majuli
🎬 Watch Now: Feature Video

মাজুলীতো তীব্ৰতৰ হৈ উঠিছে সুৰা বিৰোধী অভিযান । তৎপৰ হৈ পৰিছে মাজুলী আৰক্ষীও । জিলাখনৰ জেংৰাই মুখ আৰক্ষীয়েও তীব্ৰতৰ কৰিছে সুৰাৰ বিৰুদ্ধে অভিযান । দেওবাৰে এক গোপন তথ্যৰ পম খেদি জেংৰাইমুখ আৰক্ষীয়ে অভিযান চলাই অবৈধভাৱে বিক্ৰিৰ বাবে অনা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে (Strict action against illegal sale of liquor) ৷ এখন ব'লেৰ বাহনত অভিযান চলাই আৰক্ষীৰ দলটোৱে প্ৰায় 70 হাজাৰ টকা মূল্যৰ 17 টা কাৰ্টুনত 623 টা বিলাতী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় (Illegal liquor seized at Majuli) । লগতে অবৈধ সুৰা সৰবৰাহৰ লগত জড়িত দুজন সুৰা সৰবৰাহকাৰীকো আটক কৰে জেংৰাইমুখ আৰক্ষীয়ে (liquor smuggler caught in Majuli) ৷ আটকাধীন সুৰা সৰবৰাহকাৰী দুজনৰ নাম ক্ৰমে, জয়ৰাম দাস আৰু অসীম দাস বুলি জানিব পৰা গৈছে ৷ ইয়াৰোপৰি সুৰা সৰবৰাহকাৰী দুজনে সৰবৰাহত ব্যৱহাৰ কৰা AS03-V-3433 নম্বৰৰ ব'লেৰ বাহনখনো জব্দ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৷
TAGGED:
Illegal Liquor Seized