গৰুখুটিৰ ঘটনা সন্দৰ্ভত কি স্থিতি ৰাজ্যিক বিজেপিৰ সভাপতিৰ ?
🎬 Watch Now: Feature Video
বৃহস্পতিবাৰে দৰং জিলাৰ গৰুখুটিত সংঘটিত হোৱা ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত মতামত আগবঢ়ালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ গৰুখুটিৰ ঘটনাৰ সন্দৰ্ভত ৰাজনীতি জড়িত থকা বুলি দাবী কৰে কলিতাই ৷ নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত বিজেপিৰ আশীষ সন্মিলনত অংশ লৈ সাংবাদিকৰ সৈতে হোৱা মুখা-মুখিত এই মন্তব্য কৰে কলিতাই ৷ গৰুখুটিৰ ইতিহাসৰ কথা উল্লেখ কৰি অসম আন্দোলনৰ সময়ত গৰুখুটিত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ কথা স্মৰণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷