মাজুলীৰ উপ-নিৰ্বাচন : ১০ ফেব্ৰুৱাৰীৰ পিছত চূড়ান্ত হব বিজেপিৰ প্ৰাৰ্থী - ১০ ফেব্ৰুৱাৰীৰ পিছত চূড়ান্ত হব বিজেপিৰ প্ৰাৰ্থী
🎬 Watch Now: Feature Video

মাজুলীৰ উপ-নিৰ্বাচনৰ (By elction in Majuli) বাবে বিজেপিয়ে ১০ ফেব্ৰুৱাৰীৰ পিছতহে প্ৰাৰ্থী চূড়ান্ত কৰিব । দেওবাৰে এই কথা প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই (State BJP president on by elction in Majuli)। সংবাদ মাধ্যমৰ আগত সভাপতি গৰাকীয়ে কয় যে ১০ ফেব্ৰুৱাৰীত দলৰ নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব আৰু তাৰ পিছতেই চূড়ান্ত কৰা হব উপ-নিৰ্বাচনৰ প্ৰাৰ্থী । মাজুলীত পুনৰ বিপুল ভোটত বিজেপি প্ৰাৰ্থীৰেই জয় হব বুলি তেওঁ দাবী কৰে । আনহাতে, ৰাজ্যসভা নিৰ্বাচন সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকি সভাপতি গৰাকীয়ে মাথো কয়, "এতিয়া প্ৰথমে মাজুলীৰ উপ-নিৰ্বাচন । তাৰ পিছতহে ৰাজ্যসভা নিৰ্বাচন । "