thumbnail

By

Published : Jan 7, 2021, 4:10 PM IST

ETV Bharat / Videos

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ভয়াতুৰ: শৃংখল চলিহা

কৃষক নেতা অখিল গগৈৰ জামিন নাকচৰ পাচতে প্ৰতিবাদ মুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ কা বিৰোধী আন্দোলনত সক্ৰিয় ভাৱে অংশ গ্ৰহন কৰাৰ অপৰাধতে এবছৰ কাল ধৰি চৰকাৰে কাৰাগাৰত বন্দী কৰি ৰাখিছে কৃষক নেতা গৰাকীক৷ এটাৰ পাচত আন এটা গোচৰ জাপি কাৰাবন্দী কৰা ৰখা নেতা গৰাকী বৃহস্পতিবাৰে মুকলি আকাশৰ তললৈ অহাৰ আশা কৰিছিল যদিও উচ্চতম ন্যায়ালয়ে পুনৰ জামিন আবেদন নাকচ কৰে কৃষক নেতা গৰাকীৰ ৷ তাৰ পাচতে ইজনৰ পাচত সিজনে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ৷ মৰাণত ৰাইজৰ দলৰ অভিৱৰ্তনতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ক্ষোভ প্ৰকাশ কৰি কয় যে, মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ভয়াতুৰ, গণতন্ত্ৰক হত্যা কৰা হৈছে ৷ সোণোৱাল চৰকাৰ ফেচিষ্ট চৰকাৰ, আৰএছএছ আৰু বিজেপিৰ ভণ্ডামি চলিবলৈ দিয়া নহ'ব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.