বিষ্ণু ৰাভাৰ স্মৃতি বিজড়িত খোৱাঙৰ সোণপাহী ঘাট - Sonpahi ghat
🎬 Watch Now: Feature Video
ক'ভিড ভয়াৱহতাৰ মাজতে দেওবাৰে ৰাজ্যবাসীয়ে পালন কৰিছে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু তিথি তথা বিষ্ণু ৰাভা দিৱস ৷ জনতাৰ শিল্পী বিষ্ণু প্ৰসাদ ৰাভা দেৱৰ মৃত্যু তিথিৰ দিনটোত শিল্পী জনক শ্ৰদ্ধাৰে সুঁৱৰিছে সকলোৱে ৷ সমান্তৰালকৈ ৰাভা দিৱসৰ দিনটোত বহুজনে শিল্পীজনৰ লগত পাৰ কৰা সময়ৰ কথা স্মৰণ কৰি আবেগিক হৈছে ৷ একেদৰে দেওবাৰে ডিব্ৰুগড় জিলাৰ খোৱাং গন্দৈগুৰি গাঁৱৰ ৰাইজে আজিও বিষ্ণু ৰাভাৰ স্মৃতিক লৈ গৌৰৱ কৰে ৷ কিয়নো বিষ্ণু প্ৰসাদ ৰাভাই সংগ্ৰাম কৰি থকা সময়ত খোৱাং গন্দৈগুৰি গাঁৱৰ বিষ্টেচৰ শইকীয়া (বিয়াগুন)ৰ ঘৰত আশ্ৰয় লৈ সংগ্ৰামৰ কাম-কাজ কৰিছিল ৷ গন্দৈগুৰি গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা ডিমৌ নদীৰ পাৰতে বহি শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী টুপাই সময় পাৰ কৰিছিল বুলি ৰাইজৰ মুখে মুখে প্ৰচলিত হৈ আহিছে ৷ পৰৱৰ্তী সময়ত সোণপাহী নামেৰে লিখা উপন্যাসত ৰাভাদেৱে কাল্পনিকভাৱে খোৱাং গন্দৈগুৰি গাঁৱত থকা সময়ৰ স্মৃতিসমূহৰ বিৱৰণ দি গৈছে বুলি খোৱাঙৰ ৰাইজে দাবী কৰে ৷ সেয়ে ৰাইজে বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী বোৱা ডিমৌ নদীৰ উক্ত ঠাইখিনি সোণপাহী ঘাটৰূপে নামাকৰণ কৰিছে ৷ খোৱাঙৰ ৰাইজে নামাকৰণ কৰা বিষ্ণু ৰাভাৰ স্মৃতি বিৰাজমান সোণপাহী ঘাটটো সংৰক্ষণৰ দাবী উত্থাপিত কৰিছে গাঁৱখনৰ ৰাইজে ৷