চৰ্চিত তুষাৰ পাল: কোন এই তুষাৰ পাল ! - Physician

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 8, 2021, 9:05 AM IST

সম্প্ৰতি ৰাজ্যখনৰ জিলাই জিলাই আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক অভিযান চলাই যি তৎপৰতা প্ৰদৰ্শন কৰিছে, সেই সময়ত সমাজকৰ্মী(Social Worker), শৰীৰ চৰ্চাবিদ(Physician) চেলেংহাট হেলথ ক্লাবৰ পৃষ্ঠপোষক তুষাৰ পাল নামৰ ব্যক্তিগৰাকীৰ নাম এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে । ড্ৰাগছৰ এই ভয়াৱহতাৰ বিষয়ে তথা ৰাজ্যখনৰ চুকে-কোণে এচাম লোকে ড্ৰাগছ(Drugs)ৰ ৰমৰমীয়া বেহা চলাই অসমৰ যুৱ প্ৰজন্মক অন্ধকাৰ দিশলৈ নিব বিচৰা কাৰ্যৰ বিৰুদ্ধে জনমত গঠন কৰাৰ উদ্দেশ্যে ২০১৬ চনতে আৰম্ভ কৰিছিল জিলাই জিলাই গণ স্বাক্ষৰ অভিযান । প্ৰায় এবছৰ এই অভিযান চলাই সংগৃহীত প্ৰায় বিশ হাজাৰ স্বাক্ষৰ সম্বলিত এখন স্মাৰক পত্ৰ পালে নিজ হাতে অৰ্পণ কৰিছিল ২০১৭ চনত সেই সময়ৰ অসম বিধান সভা(Assam Legislative Assembly)ৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত । গোস্বামীয়ে এই সন্দৰ্ভত বিধানসভা(Assam Legislative Assembly)ত আলোচনাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যত পৰিণত হৈ নুঠিল । পৰৱৰ্তী সময়ত তেওঁ এক আবেদন প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ সেই সময়ৰ অসমৰ মুখ্য সচিব(Chief Secretary of Assam) এম জি কে ভানুলৈ ড্ৰাগছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নিৰ্দেশ দিছিল, যদিও অসম চৰকাৰে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে । ফলত গভীৰ হতাশাত ভুগিছিল তুষাৰ পাল । শেহতীয়াকৈ ড্ৰাগছ(Drugs)ৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰতাত সন্তুষ্ট তুষাৰ পাল ‌। ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এই অভিযান যাতে খন্তেকীয়া চমক নহয়, এই ব্যৱসায়ৰে জড়িত শেষজন ব্যৱসায়ীক কৰায়ত্ব নকৰা পৰ্যন্ত যাতে এই অভিযান অব্যাহত থাকে এই আহ্বান জনাইছে তুষাৰ পালে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.