শিলচৰত পথ অৱৰোধক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা

By

Published : Feb 20, 2020, 8:08 PM IST

thumbnail
শিলচৰ চহৰৰ ৰংপুৰত পথ অৱৰোধক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা ৷ আৰক্ষী আৰু অৱৰোধকাৰীৰ মাজত সৃষ্টি হয় খণ্ডযুদ্ধৰ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰে প্ৰতিবাদকৰীৰ ওপৰত ৷ উল্লেখ্য যে, ৰংপুৰ এলেকাৰ বহু লোকৰ নাম কৰ্তন কৰা হৈছে পৌৰ নিগমৰ তালিকাৰ পৰা ৷ প্ৰায় ৮ হাজাৰ ভোটাৰৰ নাম কৰ্তন হৈছে এই তালিকাৰ পৰা ৷ দীৰ্ঘদিন ধৰি তেওঁলোকে জিলা প্ৰশাসনৰ এই বিষয়টো সংশোধন কৰিবলৈ দাবী জনাই আহিছে যদিও, কোনো ফল লাভ নকৰাত তেওঁলোকে শিলচৰৰ VIP ৰোড অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা খণ্ডযুদ্ধৰ ফলত আহত হয় মহিলাসহ কেইবাগৰাকীও প্ৰতিবাদকাৰী ৷ কিন্তু আৰক্ষীয়ে অস্বীকাৰ কৰিছে লাঠীচালনাৰ অভিযোগক ৷ স্থানীয় বিধায়ক মিহিৰকান্তি সোম ঘটনাস্থলীত উপস্থিত হয় যদিও প্ৰতিবাদকাৰী লোকসকল অধিক উত্তেজিত হৈ অপদস্থ কৰি, ঘটনাস্থলীৰ পৰা খেদি পঠিয়াই বিধায়ক গৰাকীক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.