কিয় দিল্লীৰ ৰোষত পৰিল শিলাদিত্য...? - শিলাদিত্য দেৱ
🎬 Watch Now: Feature Video
অৱশেষত দিল্লীৰ বহতীয়া হ'ল বহুবল্কী বিধায়ক শিলাদিত্য দেৱ ৷ দুদিন আগলৈকে দম্ভালি মাৰি ফুৰা শিলাদিত্য কথাৰ এতিয়া নমনীয় হৈছে ৷ দলৰ টিকট পোৱাৰ আশাত ৰৈ থকা শিলাদিত্যৰ নাম যেতিয়া প্ৰাৰ্থীৰ তালিকাত নাহিল, তেতিয়াও সামাজিক মাধ্যমত আওৰাইছিল একলা চ'লৰে ৷ সেই একেজন মানুহেই দিল্লীত গৈ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত শিৰণত কৰিলে ৷ কিয়নো বিভিন্ন সময়ত ফনী শৰ্মাৰ বিৰুদ্ধে বিভিন্ন বিতৰ্কিত মন্তব্যৰে বিভিন্ন অভিযোগ উত্থাপন কৰি অহাৰ পাছত এতিয়া কেৱল মাত্ৰ দলীয় টিকটৰ স্বাৰ্থত ফণী শৰ্মাৰ ওচৰত ক্ষমা খুজিলে শিলাদিত্যই ৷ আজিৰ সংবাদ মাধ্যমৰ আগত শিলাদিত্যই কয়, অজানিতে তেওঁৰ নামটো সাঙুৰ খাইছিল ৷ মই তেনেকুৱা কৰিব নালাগিছিল ৷ তেওঁ এজন অভিজ্ঞ ব্যক্তি ৷ মই ডাঙৰ ভুল কৰিলো বুলিও স্পষ্ট মত প্ৰকাশ কৰে শিলাদিত্য দেৱে ৷
Last Updated : Mar 7, 2021, 5:13 PM IST