thumbnail

মুখ্যমন্ত্ৰীৰ উচতনিতে বৰাকত অসমীয়া ভাষাক অপমানিত কৰা হৈছে : শিখা শৰ্মা

By

Published : Oct 20, 2021, 3:31 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উচতনিতে বৰাকত অসমীয়া ভাষাক অপমান কৰা হৈছিল ৷ মুখ্যমন্ত্ৰীয়ে বৰাকত পূজা দিবলৈ যোৱাৰ চলেৰে গৈ সাম্প্ৰদায়িক মন্তব্য কৰিছিল, যাৰ ফলশ্ৰুতিতে বৰাকত অসমীয়া ভাষাক চূড়ান্তভাৱে অপমান কৰিবলৈ সাহস কৰিলে দুৰ্বৃত্তই ৷ কামৰূপৰ বাইহাটা চাৰিআলিত উপস্থিত হৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি এই বিস্ফোৰক মন্তব্য প্ৰায়ে বিতৰ্কত নাম সাঙোৰ খোৱা শিখা শৰ্মাৰ ৷ উপ-নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মূল্যবৃদ্ধি ৰোধকে ধৰি শাসকীয় চৰকাৰখনৰ বিভিন্ন ব্যৰ্থতাসমূহ ঢাকি ৰাখিবলৈ ইছ্যু ডাইফাৰ্ট কৰাৰ বাবে হিমন্তৰ উচতনিত সংঘটিত হৈছে অসমীয়া ভাষাৰ ওপৰত আক্ৰমণ । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ লগতে থলুৱা মুছলমান আৰু মিঞা মুছলমানৰ মাজতো বিভেদৰ সৃষ্টি কৰিছে বুলি মন্তব্য শিখা শৰ্মাৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.