thumbnail

বিশ্বনাথত অনুষ্ঠিত বিজেপিৰ শান্তি সমদল

By

Published : Jan 7, 2020, 8:01 PM IST

Updated : Jan 7, 2020, 10:10 PM IST

বিশ্বনাথ চাৰিআলিৰ কমলাকান্ত ক্ষেত্ৰত মঙলবাৰে বিজেপিৰ শান্তি সমদল অনুষ্ঠিত হয় ৷ শান্তি সমদলটোত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস,কেবিনেট মন্ত্ৰী ৰণজিৎদত্ত,সাংসদ পল্লৱলোচন দাস আদিয়ে ৷ ইফালে সমদলটোত অংশগ্ৰহণ কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথত মেডিকেল কলেজ স্থাপনৰ ঘোষণা কৰে ৷ ৰাজ্যত চি এ এ ৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকা সময়তে বিজেপি দলে শান্তি সমদলেৰে শক্তি প্ৰদৰ্শন কৰে বিশ্বনাথত ৷ ইফালে সহস্ৰাধিক বিজেপি কৰ্মী তথা সমৰ্থনকাৰীয়ে হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ,মুখ্যমন্ত্ৰী জিন্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে কমলাকান্ত ক্ষেত্ৰ ৷
Last Updated : Jan 7, 2020, 10:10 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.