স্বাধীনতা আন্দোলনত উমা শংকৰ প্ৰসাদৰ ভূমিকা !

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 16, 2019, 2:55 PM IST

ইংৰাজৰ শাসনৰ বিৰুদ্ধে যেতিয়া দেশজুৰি স্বাধীনতা আন্দোলন তুংগত উঠিছিল আৰু দেশৰ জনসাধাৰণে গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াইছিল ঠিক সেই সময়তে উত্তৰপ্ৰদেশৰ মহাৰাজগঞ্জত এজন 28 বছৰীয়া যুৱকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতিৰ বাবে নিজৰ ভূমিত নিজা আৰ্থিক ব্যয়েৰে উমা শংকৰ প্ৰসাদ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছিল ৷ উমা শংকৰ প্ৰসাদ স্বাধীনতা সংগ্ৰামৰ সময়ত তেখেতৰ সাহসিকতাৰ বাবে পৰিচিত আছে ৷ 1928 চনত গান্ধীজীয়ে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতা সংগ্ৰামৰ বাবে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল ৷ বাপুৱে সিৱান জিলাৰ মহাৰাজগঞ্জ ভ্ৰমণ কৰাৰ সময়ত উমাশংকৰ প্ৰসাদে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম চলাই যাবৰ বাবে গান্ধীজীক 1001 টা ৰূপৰ মুদ্ৰা বাপুক প্ৰদান কৰিছিল ৷ 1942 চনত ব্ৰিটিছ চৰকাৰে উমা শংকৰ প্ৰসাদক দেখা মাত্ৰেই গুলীওৱাৰ নিৰ্দেশ প্ৰদান কৰে ৷ উমা শংকৰ প্ৰসাদে মুক্তিযুঁজাৰু সকলক আৰ্থিকভাৱে সহায় কৰিছিল ৷ এই নিৰ্দেশৰ পাচতে উমাশংকৰ প্ৰসাদে গোপনভাৱে স্বাধীনতা সংগ্ৰামৰ কাম কৰি গৈছিল ৷ ইয়াৰ বাবে ইংৰাজে উমাশংকৰ প্ৰসাদ বিদ্যালয়ত অগ্নি সংযোগ কৰাৰ লগতে তেখেতৰ দোকানো লুটি লৈ যায় ৷ স্বাধীনতাৰ পাচত উমা শংকৰ প্ৰসাদে দেশৰ পৰা ক্ষতিপূৰণ ল'বলৈ অস্বীকাৰ কৰিছিল ৷ লোণ সত্যাগ্ৰহ,অসহযোগ আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনলৈ তেখেতৰ অৱদান অবিস্মৰণীয় হৈ থাকিব ৷ 1962 আৰু 1967 চনত তেখেতে মহাৰাজগঞ্জ বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ৷ 1985 চনৰ 15 আগষ্টত উমাশংকৰ প্ৰসাদৰ মৃত্যু হয় ৷ তেখেতক আজিও মহাৰাজগঞ্জৰ গান্ধী আৰু মালব্য হিচাপে জনা যায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.