সোণাৰীলৈ যাত্ৰা ৰিতুল শইকীয়াৰ পৰিয়ালৰ

By

Published : May 22, 2021, 12:54 PM IST

thumbnail
তিতাৰৰ বৰহোলা নাঙল গাঁৱৰ পৰা শনিবাৰে পুৱা সোণাৰী থানালৈ যাত্ৰা কৰে অ’ এন জি চিৰ অপহৃত বিষয়া ৰিতুল শইকীয়াৰ পৰিয়ালে । ৰিতুললৈ খাদ্য সামগ্রী লৈ মাতৃ, ভাতৃসহ পৰিয়ালৰ প্ৰায় 15 জন সদস্য ৷ 22 এপ্ৰিলত চৰাইদেউ জিলাৰ লাকুৱাৰ পৰা অপহৰণ কৰা হৈছিল অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াক ৷ প্ৰায় এটা মাহৰ অন্তত আজি পুৱা প্ৰায় 7 বজাত ভাৰত-ম্যানমাৰ সীমান্তৰ লংৱা গাঁৱত আলফা স্বাধীনে মুকলি কৰি দিয়ে অপহৃত অ’ এন জি চিৰ কৰ্মচাৰী গৰাকীক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.