আন্দোলনৰ নামত ব্যৱসায় চলাইছিল অখিল গগৈয়ে : ৰিপুন বৰা - অখিল গগৈ
🎬 Watch Now: Feature Video

উপ-নিৰ্বাচনৰ বতাহজাকে বাৰুকৈয়ে কোবাইছে ভৱানীপুৰ বিধানসভা সমষ্টিক । শুকুৰবাৰে ভৱানীপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ চলাবলৈ আহিল ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা । এখন নিৰ্বাচনী প্ৰচাৰ সভাত সংবাদ মাধ্যমৰ আগত অখিল গগৈ সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়ায় ৰিপুন বৰাই । অখিল গগৈয়ে আন্দোলনৰ নামত ব্যৱসায়হে চলাইছিল । তেওঁ একনায়কত্ববাদী, তেওঁ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰাৰ বাবেহে ৰাজনীতি কৰিছে । এইদৰে ৰাইজৰ দলৰ সভাপতি গৰাকীক কটাক্ষ কৰে ৰিপুন বৰাই ৷ আনহাতে ফণী তালুকদাৰে তেওঁৰ কোনো বিৰোধী নাই বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত ৰিপুন বৰাই কয় যে, ফণী তালুকদাৰৰ ৰাজনীতিৰ কোনো জ্ঞান নাই, তেওঁ মাটিৰ দালালী কৰা মানুহ ৷ বিজেপিৰ ফ্লেগ, হেলিকপ্টাৰ দেখিছে বাবে ফনী তালুকদাৰে তেওঁৰ কোনো বিৰোধী নাই বুলি ভাবিছে ।