কোনে ক'ত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা ! - গণৰাজ্য দিৱসৰ পতাকা উত্তোলন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10372735-thumbnail-3x2-g.jpg)
কাইলৈ 26 জানুৱাৰী অৰ্থাৎ গণৰাজ্য দিৱস ৷ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা হৈছে ৷ গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশ লোৱাৰ বাবে দিছপুৰৰ পৰা ইতিমধ্যে মন্ত্ৰীগণ নিজ নিজ গন্তব্য স্থানলৈ ৰাওনা হৈছে ৷ ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে নিৰাপত্তাজনিত সম্পূৰ্ণ গোপনীয়তাৰে প্ৰস্তুত কৰিছে মন্ত্ৰীসকলৰ পতাকা উত্তোলনৰ স্থানৰ তালিকা । সেই অনুসৰি গুৱাহাটীৰ খানাপাৰাত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব ৰাজ্যপাল জগদীশ মুখীয়ে । এই অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ইয়াৰ উপৰিও মন্ত্ৰী ড৹ হিমন্ত বিশ্ব পতাকা উত্তোলন কৰিব নগাঁৱত, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব, মন্ত্ৰী কেশৱ মহন্তই তেজপুৰত, মন্ত্ৰী চন্দন ব্ৰহ্মই গোলাঘাটত, মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে গোৱালপাৰাত আৰু মন্ত্ৰী অতুল বৰাই যোৰহাটত পতাকা উত্তোলন কৰিব ৷ একেদৰে মন্ত্ৰী ৰঞ্জিৎ দত্তই লখিমপুৰত, পীযুষ হাজৰিকাই মৰিগাঁৱত, চুম' ৰংহাঙে আমিনগাঁৱত, ৰিহন দৈমাৰীয়ে বাক্সাত, প্ৰমীলাৰাণী ব্ৰহ্মই ধুবুৰীত, পৰিমল শুক্লবৈদ্যই শিলচৰত, সিদ্ধাৰ্থ ভট্টাচাৰ্যই বৰপেটাত, ভৱেশ কলিতাই নলবাৰীত, সঞ্জয় কিষানে তিনিচুকীয়াত, শিৱসাগৰত যোগেন মহন আৰু নৱ দলেই মাজুলীত উত্তোলন কৰিব গণৰাজ্য দিৱসৰ পতাকা ৷