Ras Prepartation : ৰাসৰ বাবে ব্যস্ত টীয়কৰ দুই মুখা শিল্পী
🎬 Watch Now: Feature Video
মূৰ দাঙি চাবলৈ আহৰি নাই দুই যুৱকৰ ৷ দুই যুৱকৰ ঘৰৰ চাৰিওফালে এক অনন্য ৰূপ ৷ আমি কৈ থকা এই দুই যুৱক হৈছে টীয়কৰ বনাইৰ দুই ভাতৃ লৱ আৰু কুশ ৷ এটাৰ পাচত আনটো মুখা নিৰ্মাণ কৰি শেষ পৰশ দিয়াত ব্যস্ত টীয়কৰ বনাইৰ ভাতৃদ্বয়ে ৷ উল্লেখ্য যে, ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ আখৰা । চলিছে কৃষ্ণ বন্দনাৰ বন্দনাও । মঞ্চই মঞ্চই মাজ নিশালৈকে চলিছে এই আখৰা । সমান্তৰালভাৱে ব্যস্ততাৰ অন্ত নাই ৰাসত ব্যৱহৃত মুখা নিৰ্মাণ কৰা শিল্পী সকলৰো । দিনে নিশাই অঘাসুৰ, বকাসুৰ, পুতনা, কলম্বাসুৰ আদিৰ মুখাত শেষ পৰশ দিয়াত ব্যস্ত মুখা শিল্পীসকল । কেৱল মুখা নিৰ্মাণ কৰাই নহয়, এই দুই শিল্পীয়ে মুখা নিৰ্মাণ কৰাৰ সামন্তৰালকৈ মুখা সমূহৰ অভিনয় প্ৰদৰ্শনো কৰে ৰাসৰ মঞ্চত । কিন্তু পৰিতাপৰ বিষয় যে, এই দুই শিল্পীয়ে আজি পৰ্যন্ত চৰকাৰী কোনো সা সুবিধা লাভৰ পৰা বঞ্চিত । ইপিনে ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰে দিন হাজিৰা কৰি অধিক কষ্টেৰে পৰিয়াল প্ৰতিপালন কৰিব লগা হৈছিল এই শিল্পী দুগৰাকীয়ে । এইবাৰ চৰকাৰে যিহেতু ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণ হোৱাৰ বাবে ৰাস-ভাওনা আদি বিভিন্ন অনুষ্ঠানসমূহ পাতিবলৈ অনুমতি প্ৰদান কৰিছে, সেয়ে বৰ্তমান মুখাশিল্পী দুগৰাকীৰ ব্যস্ত হৈ পৰিছে মুখা নিৰ্মাণ কৰাত ৷