বাঢ়নী পানীয়ে উটুৱাই নিলে ৰঙিয়া-গোৰেশ্বৰ সংযোগী পথ
🎬 Watch Now: Feature Video
ৰঙিয়াৰ ধেপাৰগাঁও অঞ্চলত হঠাৎ বাঢ়নী পানীয়ে ৰঙিয়া-গোৰেশ্বৰ সংযোগী পথৰ এটা অংশ উটুৱাই নিয়ে । ভগ্ন পথটোৰ ওপৰেৰে পানীৰ প্ৰৱল সোঁত বৈ গৈছে । যাৰ বাবে বৃহত্তৰ অঞ্চলৰ ৰাইজৰ মাজত যোগাযোগ ব্যাহত হৈ পৰিছে । ৰঙিয়াৰ এই গুৰুত্বপূৰ্ণ পথটোৰ এছোৱা ভাঙি যোৱাত হাহাকাৰ লাগিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত । বিপদ সংকুলভাৱে যাতায়ত কৰিছে বহু লোকে । চাৰি চকীয়া আৰু গধুৰ যান-বাহনৰ চলাচল বন্ধ হৈ পৰিছে । যাৰ বাবে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হৈছে বহু কেইখন গাঁও । ইফালে বাইক আৰু চাইকেলেৰে একাংশ লোকে অতি বিপজ্জনকভাৱে পাৰ হৈছে পানী ভৰ্তি ভগ্ন পথটো । উল্লেখ্য যে যোৱা বছৰ ১১ জুলাইত পুঠিমাৰী নৈৰ মথাউৰি ভাঙি সৃষ্টি হোৱা প্ৰলয়ংকাৰী বানত এই পথটো ভাঙি গৈছিল । পিছত পথটো মেৰামতি কৰা হয় যদিও পুনৰ যোৱা নিশা হোৱা বানত পথটোৰ এটা অংশ উটুৱাই নিয়ে । যাৰ বাবে ৰাইজে মৰণত শৰণ দি এই পানী ভৰ্তি ভগ্ন পথটোৰে যাতায়ত কৰিব লগা হৈছে ।