এইবাৰ নিৰ্বাচনত মোৰ কোনো প্ৰত্যাহ্বান নাই: ৰমাকান্ত দেউৰী - মিত্ৰজোঁট
🎬 Watch Now: Feature Video
2021 ৰ বিধানসভা নিৰ্বাচনৰ বাবে মৰিগাঁও সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে পুনৰ টিকট লাভ কৰিলে বৰ্তমানৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ 80 নং মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে ৰাজ্যিক নেতৃত্বই ৰমাকান্ত দেউৰীৰ নাম ঘোষণা কৰাৰ পিচতে আনন্দ-উল্লাসত মচগুল হৈ পৰে বিজেপিৰ কৰ্মকৰ্তাসকল ৷ বিজেপি কৰ্মীসকলে ধূপ-দীপ, মালা-গামোচাৰে উষ্ম আদৰণি জনাই ৰমাকান্ত দেউৰীক ৷ দলীয় কৰ্মীসকলে এইবেলি নিৰ্বাচনত 1 লাখ ভোটৰ ব্যৱধানত দেউৰীক বিজয়ী কৰি আনিব বুলি মন্তব্য কৰে ৷ ইপিনে টিকট লাভ কৰি দেউৰীয়ে নিৰ্বাচনত কোনো প্ৰত্যাহ্বান নাই বুলি মন্তব্য কৰে ৷