পুনৰ ন্যায়িক জিম্মাত ৰাজকন্যা - custody
🎬 Watch Now: Feature Video

কাৰাগাৰত থকাৰ পিছতো পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা । মঙলবাৰে হাজিৰ কৰোৱা হ’ল CJM আদালতত । ২০১৭ চনত ৰাজকন্যাই সংঘটিত কৰিছিল এক ভয়ংকৰ দুৰ্ঘটনা । দুৰ্ঘটনাত প্ৰাক্তন বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈৰ ডিঙিৰ হাড় ভাঙিছিল ৷ ২০১৭ চনৰ ২৬ অক্টোবৰত নিশা ১২.৪৫ মিনিটত মহানগৰীৰ ছয়মাইলত ৰাজকন্যাই সংঘটিত কৰিছিল এই ভয়ংকৰ দুৰ্ঘটনা । একেখন বাহন as 01 AG 2194 ৰে দুৰ্ঘটনা সংঘটিত হৈছিল দুৰ্ঘটনাটো । দিছপুৰ আৰক্ষী থানাত ২০১৮ চনত ৰুজু হোৱা case no. 747/2018 ত পুনৰ ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ সম্প্ৰতি পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজকন্যাক ।