দেৰগাঁৱত আৰক্ষীৰ অভিযান : বৃহৎ পৰিমাণৰ সুৰা জব্দ - raids conducted against illicit alcohol
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12640028-thumbnail-3x2-glt.jpg)
লকডাউন (Lockdown)ৰ মাজতে দেৰগাঁও আৰক্ষীয়ে (Dergaon Police) অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ দেৰগাঁও আৰক্ষীয়ে বৃহস্পতিবাৰে দেৰগাঁৱৰ সমীপৱৰ্তী বালিজানৰ এখন পান দোকানত অভিযান চলাই বৃহৎ পৰিমাণৰ চুলাই আৰু সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, লকডাউনৰ মাজতো দেৰগাঁৱত একাংশ ক'লা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে সুৰাৰ অবৈধ বেহা । দেৰগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এই তথ্য লাভ কৰাৰ পাচৰে পৰা সুৰাৰ বিৰুদ্ধে এই অভিযান অব্যাহত ৰাখিছে । দেৰগাঁও আৰক্ষীৰ এই সুৰা বিৰোধী অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে গোলাঘাট জিলাৰ উপ আৰক্ষী অধীক্ষক (Deputy Superintendent of Police) মাধুৰ্য্য বৰুৱাই ।
Last Updated : Aug 1, 2021, 7:51 PM IST