বিশিষ্ট সাহিত্যিক তোষপ্ৰভা কলিতাৰ মৃত্যুত শোকস্তব্ধ পুৰণিগুদাম বাসী - অনুবাদক তোষপ্ৰভা কলিতা
🎬 Watch Now: Feature Video
প্ৰতিস্থিত লেখিকা, শিশু সাহিত্যিক তথা বিশিষ্ট অনুবাদক তোষপ্ৰভা কলিতাৰ মৃত্যুত শোকসন্তপ্ত পুৰণিগুদাম বাসী । উল্লেখযোগ্য যে, তোষপ্ৰভা কলিতাৰ জন্ম হৈছিল ১৯৩৮ চনত নগাঁও জিলাৰ পুৰণিগুদামৰ ম'ৰাচুক গাঁৱত । তেওঁৰ পিতৃৰ নাম কমলাকান্ত বৈৰাগী আৰু মাতৃৰ নাম সূৰ্যপ্ৰভা বৈৰাগী । পুৰণিগুদাম ছোৱালী হাইস্কুলৰ পৰা উৰ্ত্তীণ হৈ স্বনামধন্য সাহিত্যিক গৰাকীয়ে নগাঁও মহাবিদ্যালয় আৰু গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অধ্যয়ন কৰিছিল । ১৯৫৮ চনত স্নাতক পাছ কৰি পুৰণিগুদাম ছোৱালী হাইস্কুলত তিনি বছৰ শিক্ষকতা কৰিছিল । তাৰপাছত গুৱাহাটী বিশ্ববিদ্যালয়ত বুৰঞ্জী বিষয়ত স্নাকোত্তৰ ডিগ্ৰী লাভ কৰে । সম্প্ৰতি পুৰণিগুদামৰ এনে এগৰাকী স্বনামধন্য সাহিত্যিকক হঠাতে হেৰুৱাই মৰ্মাহত হৈ পৰিছে পুৰণিগুদাম বাসী । তাৰ সমান্তৰালভাৱে তেখেতৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈও সমবেদনা জ্ঞাপন কৰিছে পুৰণিগুদামৰ বিভিন্ন দল-সংগঠনে ।