নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হ’ব মাজুলীৰ উপ নিৰ্বাচন - মাজুলী জিলা উপায়ুক্ত পুলক মহন্ত
🎬 Watch Now: Feature Video

অহা ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ'ব উপ নিৰ্বাচন(Majuli By Election 22 ) ৷ মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচন সন্দৰ্ভত দেওবাৰে এক সংবাদমেল আয়োজন কৰে মাজুলী জিলা প্ৰশাসনে ৷ মাজুলী জিলা উপায়ুক্ত পুলক মহন্তই(Majuli DC Pulak Mahanta) সংবাদমেলত নিৰ্বাচনী আয়োগে বান্ধি দিয়া নীতি নিৰ্দেশনা সম্পৰ্কে জনোৱাৰ লগতে শুদ্ধ আৰু সুচাৰুৰূপে যাতে এই নিৰ্বাচন পাৰ হয় তাৰবাবে সকলোকে আহ্বান জনায় ৷ উপায়ুক্তগৰাকীয়ে লগতে সম্পূৰ্ণ ক’ভিড বিধি(Covid 19 update in Assam) মানিহে উপ নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, এইবাৰ মাজুলীত উপ নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা হৈছে ১,৩২,৪৪৫ জন, যাৰ ভিতৰত পুৰুষ ভোটাৰ হ'ল ৬৭,৪৬৮ আৰু মহিলা ভোটাৰ ৬৪,৯৭৭ গৰাকী ।