বঙাইগাঁও জিলাৰ অভয়াপুৰীত তুংগত স্বাধীনতা দিৱসৰ প্ৰস্তুতি - বঙাইগাঁৱত 75 সংখ্যক স্বাধীনতা দিৱস
🎬 Watch Now: Feature Video
দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিব 75 সংখ্যক স্বাধীনতা দিৱস ৷ স্বাধীনতা দিৱসৰ বাবে ইতিমধ্যে সকলো ঠাইতে প্ৰস্তুতি তুংগত ৷ একেদৰে বঙাইগাঁও জিলাৰ মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰু অভয়াপুৰীৰ গান্ধী ময়দানতো ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে পূৰ্ণ গতিত চলিছে প্ৰস্তুতি । এইবেলি ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ নীতি নিৰ্দেশনা পালন কৰি সীমিত লোকৰ উপস্থিতিত তথা সীমিত কাৰ্যসূচীৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হ'ব । জাতীয় পতাকা উত্তোলন, আৰক্ষীৰ পেৰেড প্ৰদৰ্শন, মুখ্য অতিথিৰ ভাষণ আৰু বঁটা বিতৰণ অনুষ্ঠান সম্পন্ন কৰিয়েই সমাপ্ত পৰিব অভয়াপুৰীৰ গান্ধী ময়দানত অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ কাৰ্যসূচী । আনফালে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰি কেৱল সীমিত লোকৰ সমাগমেৰে ক’ভিডৰ নীতি নিৰ্দেশনা পালন কৰাৰ ক্ষেত্ৰত তীক্ষ্ণ দৃষ্টি ৰাখিব আৰক্ষী তথা প্ৰশাসনে ৷ স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ শালমাৰা মহকুমা প্ৰসাশনে ইতিমধ্যে বিভিন্ন ঠাইত গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী ।