Preparation for Bhogali Bihu : ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি আমগুৰিৰ কালুগাঁওবাসীৰ
🎬 Watch Now: Feature Video
অসমীয়াৰ বাপতি সাহোন বিহু আহি পদূলিমুখত ৷ যা-যোগাৰত ব্যস্ত হৈ পৰিছে অসমীয়া চহা ৰাইজ ৷ আমগুৰি কালুগাঁৱৰ জাপিসজীয়া পথাৰত জুম বান্ধিছে ৰাইজে (Preparation for Bhogali Bihu in amguri) ৷ ভোগালীক লৈ ভাগে ভাগে কামত ব্যস্ত সকলো ৷ গাঁৱৰ ডেকা, জীয়ৰী, বোৱাৰী সকলোৱে ভোগালীক আদৰিবলৈ এমাহ আগৰে পৰাই চলাই আহিছে প্ৰস্তুতি ৷ উৰুকাৰ মেজিৰ কাৰণে কাঠখৰি যোগাৰ কৰা, পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰ নিৰ্মাণ কৰাকে আদি কৰি বিভিন্ন কামৰ মাজত সকলোৱে পথাৰত বিহু নাচি উপভোগ কৰিছে বিহুৰ পূৰ্বৰ দিনকেইটা ৷ মুঠতে তেলাল হাঁহ, চিতল মাছৰ সৈতে নানা ধৰণৰ ব্যঞ্জনেৰে হেঁপাহ পলুৱাই এসাঁজ লগে-ভাগে খাবলৈ পূৰ্ণগতিত সাজু হৈছে জাপিসজীয়া গাঁৱবাসী ৷