কৰ্তব্যৰত অৱস্থাতে সুৰাৰ ৰাগীত মাতাল আৰক্ষী জোৱান - সুৰাৰ ৰাগী
🎬 Watch Now: Feature Video

হোজাই জিলাৰ ৯২ নং লামডিং সমষ্টিৰ ২১৭ নং ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকী আৰক্ষী জোৱানে দিলে আনন্দৰ খোৰাক । কৰ্তব্যৰত অৱস্থাতেই মদৰ ৰাগীত মাতাল হ'ল এগৰাকী আৰক্ষী জোৱান ৷ বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ মাজতে নিজ দায়িত্ব পালন নকৰি ডিঙিলৈকে মদিৰা পান কৰি মুকলি আকাশৰ তলত শুই পৰিল আৰক্ষী জোৱানগৰাকী ৷