ক'ভিড প্ৰটকল ভংগকাৰীৰ ওপৰত কঠোৰ মৰাণৰ প্ৰশাসন - ডিব্ৰুগড়
🎬 Watch Now: Feature Video
মহামাৰী ক'ভিডে এতিয়া ৰাজ্যত কালৰূপ ধাৰণ কৰিছে । প্ৰতিদিনে ক’ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে । ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সিমামূৰীয়া বৃহত্তৰ মৰাণতো ক'ভিডত আক্ৰান্তৰ সংখ্যাই প্ৰতিদিনে বৃদ্ধি পাইছে । ইতিমধ্যে বৃহত্তৰ মৰাণ অঞ্চলত ৫৫০ গৰাকীকৈ ব্যক্তি ক'ভিডত আক্ৰান্ত হোৱাৰ লগতে পাঁচজনকৈ লোকে ক’ভিডত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে । এনে পৰিস্থিতিত মৰাণৰ স্থানীয় প্ৰশাসনে ৰাইজক বাৰে বাৰে ক'ভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনাই আহিছে যদিও এতিয়াও একাংশ লোক ক'ভিডক লৈ সজাগ নোহোৱা পৰিলক্ষিত হৈছে । বুধবাৰে মৰাণৰ মাজ মজিয়াত ক'ভিড প্ৰট'কল ভংগকাৰী তথা মাস্ক পৰিধান নকৰা লোকক মৰাণ আৰক্ষীয়ে জৰিমনা বিহা পৰিলক্ষিত হয় ৷