thumbnail

By

Published : Aug 26, 2021, 7:29 AM IST

ETV Bharat / Videos

নলবাৰীৰ চুৰি হোৱা 17 খন বাইক উদ্ধাৰ আৰক্ষীৰ

নলবাৰী সদৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ জিলাখনৰ ভিন্ন স্থানৰ পৰা চুৰি হোৱা 17 খন বাইক উদ্ধাৰ আৰক্ষীৰ । নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বানেকুছিত ইতিমধ্যে ট্ৰাক সহিতে চাৰিখন বাইক উদ্ধাৰ হোবাৰ পিছত আৰক্ষীয়ে ট্ৰাকচালক আৰু হেন্দিমেনক আটক কৰিছিল ৷ তাৰপিছতে আৰক্ষীয়ে লাভ কৰে বৃহৎ সফলতা ৷ বিগত কেইমাহমানৰ পৰা নলবাৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত চুৰি কাৰ্য বৃদ্ধি হোৱাত আৰক্ষীয়ে অভিযান চলাই অৱশেষত 17 খনকৈ চুৰি বাইক উদ্ধাৰ কৰে ৷ এই বাইক চুৰি কাৰ্যৰ লগত জড়িত চক্ৰটোক অতি সোনকালে আৰক্ষীয়ে কৰায়ত্ত কৰিব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.