thumbnail

নগাঁৱত বীৰ লাচিত সেনাৰ প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বাধা

By

Published : Jan 4, 2022, 9:40 PM IST

পুনৰ বিৰ্তকত লাচিত সেনা ৷ এইবাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ যাওঁতে নগাঁও আৰক্ষীৰ বাধা (Police disrupt of protest) ৷ সোমবাৰে অসমীয়া ভাষা সংকটত পৰাৰ আশংকাত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে ঘোষণা কৰা জোঁৰ সমদলত বাধা প্ৰদান কৰিলে আৰক্ষীয়ে ৷ ঘটনা অনুসৰি কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে সোমবাৰে সন্ধিয়া নগাঁৱৰ নেহেৰুৱালীৰ পৰা জোঁৰ সমদল কাৰ্য্যসূচী ৰূপায়ণৰ প্ৰস্তুতি আৰম্ভ কৰে (Bir Lachit Sena protest at Nagaon) ৷ তেনে সময়তে নেহেৰুৱালীত উচ্চ পদস্থ আৰক্ষী বিষয়াসহ উপস্থিত নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে সমদল ৰূপায়ণত বাধা প্ৰদান কৰে ৷ আনহাতে, সংগঠনটোৰ প্ৰতিবাদী কাৰ্য্যসূচীত নগাঁও আৰক্ষীয়ে বাধা প্ৰদান কৰা কাৰ্য্যক তীব্ৰভাৱে গৰিহণা দিয়ে বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিয়ে । লগতে অসমত বৰ্তমান একনায়কত্ববাদ চলাৰো অভিযোগ উত্থাপন কৰে সংগঠনটোৰ নগাঁও জিলা সমিতিয়ে । ইয়াৰোপৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণত বাধা আৰোপ কৰাৰ বাবে আৰক্ষীৰ লগতে ৰাজ্য চৰকাৰকো সমালোচনা কৰে সংগঠনটোৰ সদস্যসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.