আলফা(স্বা)ত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল সাতজনকৈ যুৱক - ulfa peace talk
🎬 Watch Now: Feature Video
ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আলফাৰ সৈতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে চেষ্টা অব্যাহত ৰখাৰ সময়তে নিষিদ্ধ ঘোষিত সংগঠন আলফা(স্বা)ত যোগদান কৰিবলৈ গৈ চৰাইদেউ আৰক্ষীৰ জালত পৰিল সাতজনকৈ যুৱক । আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা যুৱক কেইজনৰ নাম ভাস্কৰ গগৈ, পংকজ গগৈ, প্ৰফুল্ল ফুকন, মনোৰঞ্জন দুৱৰা, বিতুল বৰুৱা, বিকি ৰাজখোৱা আৰু সমৰজ্যোতি লহকৰ বুলি জানিব পৰা গৈছে । ইয়াৰে, সমৰজ্যোতি লহকৰ আৰু বিকি ৰাজখোৱাৰ ঘৰ নগাঁও জিলাত আৰু বাকী পাঁচজন শিৱসাগৰ জিলাৰ ডিমৌৰ বাসিন্দা । নগাঁৱৰ সমৰজ্যোতি লহকৰ আত্মসমৰ্পণকাৰী আলফা আৰু তেওঁৰ নেতৃত্বতেই এই যুৱক কেইজনে আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছিল বুলি জানিবলৈ দিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকে । চৰাইদেউ আৰক্ষী আৰু আছাম ৰাইফলচৰ যুটীয়া অভিযানত সোণাৰিৰ জবকাত আটক হ'ল যুৱককেইজন । সম্প্ৰতি, অধিক তথ্যৰ বাবে সোণাৰি আৰক্ষী থানাত যুৱক কেইজনৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।