মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৃক্ষৰোপণ কাৰ্যসূচী
🎬 Watch Now: Feature Video
বিশ্ব পৰিৱেশ দিৱস (World Environment Day) উপলক্ষে মাজুলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP) ৰ বৃক্ষৰোপণ কাৰ্যসূচী । শনিবাৰে মাজুলীৰ প্ৰতিখন আঞ্চলিকতে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ সদস্যসকলে । কেৱল বিশ্ব পৰিৱেশ দিৱসতেই (World Environment Day) নহয়, সঠিক বতৰত সুবিধা অনুসৰি প্ৰত্যেকেই এজোপাকৈ গছ ৰোৱা উচিত বুলি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ সদস্যসকলে মন্তব্য কৰে । লগতে তেওঁলোকে কয় যে, গছ থাকিলেহে জীৱ বাছি থাকিব আৰু সেয়ে, কামৰ বাবে এজোপা গছ কটাৰ পাছত আৰু ১০ জোপা গছ ৰুব লাগে । কিয়নো গছেহে প্ৰাকৃতিক পৰিৱেশ সুস্থিৰ কৰি ৰাখে আৰু প্ৰদূষণৰ সম্ভাৱনাও কম কৰে ।