People celebrating Bhogali Bihu : মাজুলীত মাঘৰ উৎসাহ - অসমীয়াৰ বাপোতি সাহোন মাঘ বিহু
🎬 Watch Now: Feature Video

আজি ভোগৰ উৎসৱ ভোগালী বিহু (People celebrating Bhogali Bihu in Assam) ৷ অসমীয়াৰ বাপতিসাহোন মাঘৰ বিহু সমগ্ৰ অসমৰ লগতে সত্ৰনগৰী মাজুলীবাসীও অতি উলাহ-মালহেৰে উদযাপন কৰিছে (People celebrating Bhogali Bihu at Majuli) ৷ সমগ্ৰ ৰাজ্যতে অসমীয়াৰ বাপোতি সাহোন মাঘ বিহু অৰ্থাৎ ভোগালীক লৈ বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশে । এয়া মাজুলীৰ শ্ৰীশ্ৰী এলেংগী নৰসিংহ সত্ৰৰ দৃশ্য । ক’ৰণাৰ বাবে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনাৰ মাজেৰেই মাজুলীত ৰাতিপুৱা পাৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই ভকত বৈষ্ণৱসকলে মেজি প্ৰজ্বলন কৰে ৷ লগতে পুৱাতেই শ্ৰী শ্ৰী এলেংগী নৰসিংহ সত্ৰৰ ভকত-বৈষ্ণৱ সকলে গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈকে সংকৃত্তন কৰি গাঁওখনৰ লগতে ৰাজ্যৰ পৰা অপায়- অমংগল দূৰ হোৱাৰ কামনা কৰে ৷