ডিব্ৰুগড়ৰ জনবহুল অঞ্চলত ডাম্পিং গ্ৰাউণ্ড স্থাপনত ৰাইজৰ বিৰোধিতা - People are against setting up of dumping center in Dibrugarh
🎬 Watch Now: Feature Video
জনবহুল অঞ্চলত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডক বিৰোধিতা ডিব্ৰুগড়বাসী ৰাইজৰ । ডিব্ৰুগড় পৌৰসভাই স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে বিনষ্ট কৰিছে চহৰখনৰ কনভয় ৰোডৰ পৰিৱেশ ৷ কনভয় ৰোডস্থিত জালান বাছ টাৰ্মিনেলত ডিব্ৰুগড় পৌৰসভাই ব্যৱহাৰ কৰিছে ডাম্পিং গ্ৰাউণ্ড ৷ ইয়াকে লৈ স্থানীয় ৰাইজে বহুবাৰ পৌৰসভা আৰু জিলা প্ৰশাসনক আপত্তি দৰ্শাইছিল ৷ ইফালে লেকাই ঠাকুৰথানত অসমৰ প্ৰথমটো জাৱৰ নিষ্কাশন প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ পিছতো জনবহুল অঞ্চলত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে দুৰ্বৃত্তই জ্বলাই দিছিল ডাম্পিং গ্ৰাউণ্ডৰ আৱৰ্জনা ৷ ইয়াৰ পৰা নিৰ্গত হোৱা ধোঁৱাই অসুস্থ কৰিছিল বহুজনক ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ডাম্পিং গ্ৰাউণ্ডৰ সমীপৰ বাছ আস্থানত দূৰণিবটীয়া বহু যাত্ৰীয়ে উঠা-নমা কৰে ৷ কিন্তু আৱৰ্জনাৰ পৰা নিৰ্গমণ হোৱা দুৰ্গন্ধৰ ফলত নাক কোচাই যাবলগীয়া হয় ৷ এনে পৰিস্থিতিত ডিব্ৰুগড় জিলা প্ৰশাসনৰ মৌনতাই ক্ষোভিত কৰি তুলিছে ইয়াৰ স্থানীয় ৰাইজক ৷