GMCH ৰ ক'ভিড ৱাৰ্ডৰ পৰাৰ ৰোগীৰ পলায়ন - Patient escaped from covid 19 ward in GMCH

🎬 Watch Now: Feature Video

thumbnail

By

Published : Oct 3, 2021, 7:30 PM IST

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ দেওবাৰৰ পুৱতি নিশা 3.30 বজাত GMCH ৰ ক'ভিড চেন্টাৰৰ পৰা পলায়ন কৰিছে অজিত বৰা(53) নামৰ এগৰাকী ৰোগীয়ে ৷ ৰোগীজন হোজাই জিলাৰ দক্ষিণ বিদ্যানগৰ আবাসী বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, যোৱা 30 চেপ্তেম্বৰত GMCH ৰ ক'ভিড চেন্টাৰত ভৰ্তি হৈছিল অজিত বৰা ৷ পৰৱৰ্তী সময়ত স্বাস্থ্য অধিক সংকটজনক হোৱাৰ বাবে আই চি ইউ ত ভৰ্তি কৰোৱা হৈছিল ৰোগীজনক ৷ কিন্তু দেওবাৰৰ পুৱতি নিশা নিজৰ বয়-বস্তু লগত লৈ আই চি ইউ বেডৰ পৰা পলায়ন কৰে ৰোগীজনে ৷ সমগ্ৰ ঘটনা চিচি কেমেৰাত বন্দী হৈ ৰৈছে ৷ বৰ্তমান লোকজনক বিচাৰি পৰিয়ালৰ লোকে হাহাকাৰ কৰিছে ৷ এই ঘটনাৰ পাছতে GMCH ত ৰোগীৰ নিৰাপত্তাজনিক দিশটোলৈ সন্দেহৰ আঙুলি উঠিছে ৷

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.