শীঘ্ৰেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত হ'ব নতুন নিযুক্তি

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 19, 2021, 6:34 PM IST

ৰাজ্যৰ নিৱনুৱা যুৱক-যুৱতীৰ বাবে এক সুখবৰ । শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত । দেওবাৰে পাঠশালাৰ কেন্দুগুৰিত কলিতা জনগোষ্ঠীৰ এক সন্মিলনত ভাগ লোৱাৰ সময়ত এই কথা প্ৰকাশ কৰে বিভাগীয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । তেওঁ প্ৰকাশ কৰে মতে বিভাগটোত নিয়মীয়া আৰু ঠিকাভিত্তিক দুয়ো প্ৰকাৰৰ নিযুক্তি দিয়া হ'ব । ইতিমধ্যে ২১৮ গৰাকী সহকাৰী অভিযন্তাক এ.পি.এছ.চিত (APSC) বাছনি হৈছে আৰু সেই ফাইল চৰকাৰৰ হাতত অহাৰ পিছতেই নিযুক্তি প্ৰক্ৰিয়া কাৰ্যকৰী হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । আনহাতে জলজীৱন মিচনৰ তৃতীয় পৰ্যায়ত ১১৪ টা অভিযন্তাৰ পদত শীঘ্ৰে নিযুক্তি দিয়া হ'ব । তদুপৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গছ-গছনি বা ফুল ৰোপণৰ নামত ৯০ লাখ টকাৰ কেলেংকাৰীৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰি তদন্ত কৰা হ'ব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.