Man Elephant Conflict : কলিয়াবৰত বন্যহস্তীৰ আক্ৰমণত আহত হ'ল এজন

By

Published : Jan 24, 2022, 2:24 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত (Man Elephant conflict in Assam) ৷ দেওবাৰে নিশা কলিয়াবৰৰ হাতীগাওঁ চাহ বাগিছাৰ প্লেটঘাটত বনৰীয়া হাতীয়ে চলায় উপদ্ৰৱ (Man Elephant conflict at Kaliabor) ৷ খাদ্যৰ সন্ধানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, লাওখোৱা অভয়াৰণ্য, কাৰ্বি পাহাৰ, শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলে আগুৰি থকা অঞ্চলটোলৈ ওলাই আহি উপদ্ৰৱ চলাই ঘৰ-দুৱাৰ ভাঙি বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে এগৰাকী মহিলাকো আহত কৰে (One person injured by wild elephant attack at Kaliabor) । হাতীৰ আক্ৰামণত গুৰুতৰ ভাৱে আহত হোৱা মহিলাগৰাকীক প্ৰাথমিক চিকিৎসাৰ বাবে কেলিডেন চাহ বাগিছাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । আহত মহিলাগৰাকীৰ নাম পুস্পা তপ্প ৷ জানিব পৰা মতে, খাদ্যৰ সন্ধানত কলিয়াবৰৰ এই জনাঞ্চললৈ নিতৌ বনৰীয়া হাতীৰ আগমন হয় ৷ যাৰ ফলত বন্যহস্তীৰ উপদ্ৰৱত বিনিদ্ৰ ৰজনী পাৰ কৰিছে সাধাৰণ ৰাইজে ৷ এইক্ষেত্ৰত বন বিভাগে ৰাইজক নিৰাপত্তা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হোৱাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.