দুৰ্ঘটনা প্ৰৱণ এলেকাত পৰিণত হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ - আমগুৰি
🎬 Watch Now: Feature Video
দুৰ্ঘটনা প্ৰৱণ এলেকাত পৰিণত হৈছে শিৱসাগৰ জিলাৰ আমগুৰিৰ মাজেৰে যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ জাঁজীৰ ফুলপানীছিগাত ঘাইপথটোৰ দুৰৱস্থাই জলা-কলা খুৱাইছে পথচাৰীক ৷ জাঁজীৰ পৰা গৌৰীসাগৰ পৰ্যন্ত ঘাইপথটোত সৃষ্টি হোৱা পুখুৰী সদৃশ গাঁতৰ ফলত একপ্ৰকাৰ ভাবুকি সৃষ্টি হৈছে পথচাৰীৰ প্ৰতি ৷ লগতে যি কোনো মুহুৰ্ততে উক্ত অঞ্চলত দুৰ্ঘটনা হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে ৷ উল্লেখ্য যে,উক্ত পথছোৱাত চাৰিলেনযুক্ত ঘাইপথ নিৰ্মাণৰ কাম চলি আছে যদিও কামৰ লেহেমীয়া গতিৰ বাবে ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনসমূহ ৷