নতুন ক’ভিড নীতিঅনুসৰি অস্থায়ী ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিলে মৰাণ প্ৰশাসনে - New SOP at Moran etv bharat news
🎬 Watch Now: Feature Video
ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নীতি-নিৰ্দেশনা । প্ৰতিদিনাই ৰাজ্যত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত হোৱা লোকৰ সংখ্যা । এনে ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনা আজিৰে পৰা কাৰ্যকৰী হৈছে । আনহাতে, ডিব্ৰুগড় জিলাৰ মৰাণতো ক'ভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে । ক'ভিড আক্ৰান্ত সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত মৰাণৰ প্ৰশাসনো কঠোৰ হোৱাৰ পৰিলক্ষিত হৈছে । বৃহস্পতিবাৰে মৰাণ ৰাজহ চক্ৰৰ অধীনস্থ এলেকাৰ পদপথৰ সকলো অস্থায়ী দোকান-ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি দিয়ে পুলিচ প্ৰশাসনৰ সহযোগত স্থানীয় প্ৰশাসনে । অহা ১৫ দিনলৈ এই নিয়ম বাহাল থাকিব । নিয়ম ভংগকাৰীৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি সৰ্তক কৰি দিয়ে ।