বুধবাৰে ২ বজাৰ পৰা বন্ধ হ'ল মৰাণৰ সকলো দোকান বজাৰ - covid 19
🎬 Watch Now: Feature Video

কৰ’ণা মহামাৰীয়ে এতিয়া ৰাজ্যত কালৰূপ ধাৰণ কৰিছে । ক'ভিডৰ এনে ভয়াৱহ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে বুধবাৰৰ পৰা নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে । ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন নিৰ্দেশনা অনুসৰি দিনৰ ২ বজাৰ পৰা সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে । মৰাণ নগৰতো ২ বজাৰ লগে লগে সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰিবলৈ স্থানীয় প্ৰশাসনে মাইক যোগে ঘোষণা কৰে । আনহাতে মৰাণ ৰাজহ চক্ৰৰ অতিৰিক্ত চক্ৰ বিষয়া পাপৰি বুঢ়াগোঁহাই আৰু মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিননাথ মিলিসহ প্ৰশাসনৰ এটি দলে মৰাণত ব্যৱসায় প্ৰতিষ্ঠান সমূহ সময়মতে বন্ধ কৰাৰ ক্ষেত্ৰত নগৰত তহল দিয়াৰ লগতে ক'ভিড প্ৰট'কল ভংগ নকৰিবলৈ সকলোকে আহ্বান জনায় ।