নতুন ক'ভিড প্ৰট'কলক লৈ অসন্তুষ্ট মৰাণবাসী - এছ অ’ পি
🎬 Watch Now: Feature Video
ক'ভিড (Covid 19)ৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত চৰকাৰে নতুন এছ অ’ পি (SOP) জাৰি কৰিছে । নতুন এছ অ’ পি (SOP) অনুসৰি চৰাইদেউ জিলাত আবেলি ৪ বজালৈ ব্যৱসায়ী প্ৰতিষ্ঠান খোলা ৰখাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷ ইয়াৰ ফলস্বৰূপে চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ সীমামূৰীয়া অঞ্চল মৰাণত সীমিত সংখ্যক ব্যৱসায়ীক প্ৰতিষ্ঠান খোলা ৰখা দেখা গৈছে ৷ বিশেষ কৈ চৰাইদেউ জিলাৰ অন্তৰ্গত ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহ খোলা ৰখাৰ বিপৰীতে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত প্ৰতিষ্ঠানসমূহ দুপৰীয়া 12 বজাতে বন্ধ কৰা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য ৰাজ্য চৰকাৰ তথা প্ৰশাসনে নতুন এছ অ’ পি (SOP) জাৰি কৰি কিছু কিছু ক্ষেত্ৰত শিথিলতা জাৰি কৰিছে যদিও ডিব্ৰুগড় জিলাত আগ দৰেই অতুত ক'ভিড নিৰ্দেশনা ৷